বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত জিলাখনত তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ৰামৰায় ষ্টেডিয়ামত এটা বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আজি আৰম্ভ হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত গীতালি দুৱৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিৱিৰটো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, প্রাক্তন ক্রীড়াবিদ তথা ক্রীড়া পেন্সনপ্রাপক উপস্থিত থাকে। শিৱিৰটো প্ৰায় ৭০ গৰাকী কিশোৰ তথা যুৱ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
Assamese | June 6, 2026 6:07 PM | Borpeta football
বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আৰম্ভ