ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মহা প্ৰৱন্ধক অভয় কুমাৰ আৰু ভাৰতীয় জৰীপ বিভাগৰ পূব সংমণ্ডলৰ অতিৰিক্ত মহা পৰিমাপক ড° মোহন কুমাৰ ষ্টেলিনে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা অঞ্চলৰ জৰীপ কাৰ্য আৰু ভুস্থানিক সামৰ্থ বৃদ্ধিৰ বাবে সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে স্বাক্ষৰিত চুক্তিখন ৫ বছৰৰ বাবে প্ৰযোজ্য হ’ব। চুক্তি অনুসৰি ভাৰতীয় জৰীপ বিভাগে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক ত্রিকোণোমিতিয় জৰীপ আৰু অত্যাধুনিক প্রযুক্তিৰে উচ্চমানৰ চিত্ৰগ্ৰহণকে ধৰি জৰীপ কাৰ্যত সহায় কৰিব।
Assamese | June 20, 2025 11:58 AM | MoU
ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ভাৰতীয় জৰীপ বিভাগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ