ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত আজি ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। কিছু সময় পূর্বে এই সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যেৰে ৰিঅ’ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়। শ্রীমোদী, আমেৰিকা ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং হৈছে জি-২০ সন্মিলনত আজি আৰু কাইলৈ অংশগ্ৰহণ কৰিবলগীয়া নেতাসকলৰ মাজৰ অন্যতম। উল্লেখযোগ্য যে ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা জি-২০ ত্রোইকাৰ অংশ আৰু দেশ তিনিখনে জি-২০ শীৰ্ষ সন্মিলনৰ আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। সন্মিলনত প্রধানমন্ত্রী মোদীয়ে বিভিন্ন গোলকীয় বিষয়ত ভাৰতৰ স্থিতিৰ বিষয়ে অৱগত কৰিব আৰু জি-২০ নতুন দিল্লী ঘোষণাপত্ৰ অনুসৰি লোৱা পদক্ষেপৰ লগতে ভাৰতে যোৱা কেইটামান বছৰত আয়োজন কৰা ভইচ অব দ্যা গ্লোবেল ছাউথ সন্মিলনৰ লাভালাভ সম্পৰ্কে আলোচনা কৰিব। এই সন্মিলন অতি গুৰুত্বপূৰ্ণ কাৰণ ভাৰতে যোৱা বছৰ অগ্ৰাধিকাৰ দিয়া বিষয়সমূহ ইয়াত আগবঢ়াই লৈ যোৱা হ’ব।
Assamese | November 18, 2024 8:08 PM | G20
ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ