ব্রাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান্ধ ভাগি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় ১৫ হাজাৰ লোকে ঘৰ এৰি আন ঠাইত আশ্রয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপানীৰ সংকটৰ সন্মুখীন হ’বলগীয়াত পৰিছে। ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ লুলা ডা ছিল্লাই ক্ষতিগ্রস্ত অঞ্চলসমূহ ভ্রমণ কৰি ভুক্তভোগী লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্রদান কৰিছে।
Assamese | May 3, 2024 5:43 PM | Brajil flood
ব্রাজিলত শেহতীয়াকৈ হোৱা বানত ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত