নেপালৰ বৈদেশিক সচিব শ্ৰীমতী চেৱা লামচালৰ আমন্ত্রণ মৰ্মে বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া ভ্ৰমণসূচীৰে অহা ১১ তাৰিখে নেপাললৈ যাব। বৈদেশিক সচিবগৰাকীৰ আগন্তুক এই ভ্রমণে দুয়োখন দেশৰ মাজৰ উচ্চ পৰ্যায়ৰ বিনিময়ৰ ব্যৱস্থা নিয়মীয়াকৈ অব্যাহত ৰাখিব। ইয়াৰ দ্বাৰা ভাৰতে নেপালক নেইৱাৰচ্ ফাষ্ট নীতিৰ অধীনত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা প্ৰতিফলিত কৰে। ভাৰত আৰু নেপালৰ মাজত অব্যাহত থকা উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৃহৎ আন্তঃগাথনি আৰু সংযোগ প্রকল্পসমূহ তথা ভাৰত চৰকাৰৰ সহযোগত নতুনকৈ হাতত লোৱা প্ৰকল্পসমূহ ফলত দুয়োখন দেশৰ মাজত যুগ যুগ ধৰি চলি অহা সভ্যতা, সংস্কৃতি আৰু দ্বিপাক্ষিক সহযোগিতাত বিগত কিছু বছৰত শক্তিশালী হোৱা পৰিলক্ষিত হৈছে। বৈদেশিক সচিবগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা আৰু অধিক আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰিব।
Assamese | August 10, 2024 7:29 PM | Vikram Misri
বৈদেশিক সচিব শ্রী বিক্রম মিশ্রি দুদিনীয়া কাৰ্যসূচীৰে নেপাল ভ্ৰমণ