বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি দেশৰ বেংকিং খণ্ডৰ পৰ্যালোচনা আৰু সংস্কাৰৰ পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই সমিতখনে ভাৰতীয় বেংকিং খণ্ডক বিশ্ব বজাৰত প্ৰতিযোগিতামূলক, বিত্তীয়ভাৱে সৰ্বাংগীণ আৰু অধিক শক্তিশালী কৰি তুলিবলৈ প্রতিষ্ঠানিক, নিয়ামক আৰু আইনী সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়াব। প্রাক্তন কেন্দ্রীয় তদাৰকী আয়ুক্ত সুৰেশ এন পেটেলক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
সমিতিৰ সদস্যসকলৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি-গৱৰ্ণৰ শিৰীশ চন্দ্ৰ মূর্ষু, ইণ্ডিয়ান বেংকৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া পদ্মজা চুন্দুৰু আৰু ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন ডেপুটি-গৱৰ্ণৰ এন এছ বিশ্বনাথন আছে। ইয়াৰ উপৰি বিত্তীয় সেৱা বিভাগৰ যুটীয়া সচিবগৰাকীয়ে সদস্য সচিবৰ দায়িত্ব পালন কৰিব।
ছমাহৰ কাৰ্যকাল থকা এই সমিতিখনে বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এইবছৰৰ বাজেট ভাষণত ঘোষণা কৰা পৰিকল্পনা অনুসৰি কাম কৰিব। সমিতিখনে বৰ্তমানৰ বেংকিং কার্যপদ্ধতি, আঞ্চলিক গ্ৰাম্য বেংক আৰু সমবায় বেংককে ধৰি সকলো বেংকৰ আইনী আৰু নিয়ামক ব্যৱস্তা পৰীক্ষা কৰি কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে পৰামৰ্শ দিব। ইয়াৰ লগতে, চাইবাৰ বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ পদক্ষেপেৰে বেংকিং প্রতিষ্ঠানসমূহত কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল উদ্ভাৱন গ্ৰহণৰ বাবেও কাৰ্যপন্থা প্ৰস্তুত কৰিব।