ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নির্বাচন হ’বলগীয়া ২৭ খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্রহণব দায়িত্বত নিয়োজিত কৰিবলগীয়া বিষয়াৰ তালিকা প্রস্তুত কৰাৰ বাবে ই-নির্বাচন এপৰ জৰিয়তে গ্রহণ কৰা সমিলমিল প্ৰক্ৰিয়াত বি এল অসকলক অন্তর্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত আয়োগে বি এল অ’সকলক অন্য কেতবোৰ দায়িত্ব অৰ্পণৰ কথা ভাবিছে আৰু শীঘ্ৰে জিলা আয়ুক্তসকলক এই বিষয়ে জনোৱা হ’ব বুলি আয়োগৰ পত্ৰখনত কোৱা হৈছে।
Assamese | April 13, 2025 12:13 PM | ECI | Panchayat Election
বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ