কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নেতা বিকাশ অসমক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ব্যৱসায়ীক ধনদাবী আৰু অপহৰণৰ গোচৰত অভিযুক্ত বিকাশ অসম পলাতক হৈ আছিল আৰু কালি দিছপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পাছতে তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱায় আৰু আদালতে তিনি দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
Assamese | November 2, 2025 7:38 PM | Bikash Axom Grapter
বীৰ লাচিত সেনা নামৰ সংগঠনৰ নেতা বিকাশ অসমক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ