বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিয়ে সমর্থন আগবঢ়াইছে। আজি কোকৰাঝাৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, নিখিল ৰাভা ছাত্ৰসন্থা, সদৌ অসম ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ বিষয়- ববীয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ৰাভা গণমঞ্চ সমন্বয় সমিতিয়ে এই কথা প্ৰকাশ কৰিছে। বৈঠকত বি টি আৰ প্ৰধানগৰাকীয়ে বিটিআৰত বসবাস কৰা ৰাভাসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্রদান কৰে। বিটিআৰ প্ৰধানগৰাকীৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিক সন্মান জনাই দৰং-ওডালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁতৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ জয়ন্ত বসুমকাৰীক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি ৰাভা গণ মঞ্চৰ সভাপতি-সম্পাদকে জানিবলৈ দিছে।
Assamese | April 22, 2024 8:33 PM | BTR
বি টি আৰত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ ৰাভা গণ মঞ্চ সমন্বয় সমিতিৰ সমর্থন