সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্রধান দলজিৎ সি চৌধুৰীয়ে কালি জম্মুৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি অপাৰেচন সিন্দূৰত জোৱানসকলে আগবঢ়োৱা অতুলনীয় অৱদানৰ শলাগ লয়। ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে পালাউৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অমৰ প্ৰহৰি স্মাৰকত উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজ আৰু কনিষ্টবল দীপক সিংগাখামৰ স্মৃতিত মাল্যাৰ্পণ কৰে। জোৱানসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ দেশৰ অতি প্ৰত্যাহ্বানমূলক পৰিস্থিতিত সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা দিয়াত বাহিনীটোৰ গুৰুত্বপূৰ্ণ ভূমিকা সুনিশ্চিত কৰে।
Assamese | May 16, 2025 8:11 PM | BSF Chiief in Jammu
বি এছ এফ বাহিনীৰ সঞ্চালক প্রধান দলজিৎ সি চৌধুৰীৰ জম্মুৰ সীমান্ত অঞ্চল পৰিদৰ্শন