বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ’ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই এহেজাৰ ৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব। এই পর্যায়ত সামৰি ল’বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহৰ্যা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপূৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত অহা ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
Assamese | November 5, 2025 8:15 PM | Bihar Election
বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ প্রথম পৰ্যায়ৰ ভোটগ্রহণ