বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ সমীপৰ এখন হোটেলত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিগৰাকী মহিলাসহ ৬ জন লোকে প্ৰাণ হেৰুৱায়। পাটনাৰ আৰক্ষী অধীক্ষক চন্দ্র প্রকাশে কৈছে যে, অগ্নিকাণ্ডৰ ঘটনাত ১৫জন লোক আহত হৈছে। আহতসকলক পাটনাৰ চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। হোটেলৰ ৰন্ধন গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি কোৱা হৈছে। অগ্নিকাণ্ডৰ বাবে চৌপাশৰ কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হৈছে। অগ্নি নির্বাপক সেৱাৰ সঞ্চালক প্রধান শোভা অ’হটকৰে ৪৫ গৰাকী লোকক উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমাবেদনা প্ৰকাশ কৰিছে।
Assamese | April 25, 2024 7:18 PM | Bihar Fire | Fire