বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ’বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছত এখন তীব্ৰবেগী ট্রাকে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত আন ১২ জন লোক গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। আহত লোককেইজনক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Assamese | April 28, 2024 8:20 PM | Bihar Election Duty
বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু