কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে যে বিহাৰৰ উন্নয়নৰ বাবে তেওঁ ৰাজনীতি কৰিছে। বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত অনুষ্ঠিত এখন দলীয় সভাত আজি ভাষণ দি তেওঁ লগতে কয়, যে বিহাৰ আৰু বিহাৰৰ জনতা প্ৰথম নীতিৰে তেওঁ সদায়ে কাম কৰি আহিছে। বিহাৰৰ পিছপৰা অৱস্থাৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছ দলেই মূলতঃ জগৰীয়া বুলি উল্লেখ কৰি তেওঁ কয়, যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত শেহতীয়াকৈ বিহাৰৰ জনতাৰ উন্নয়নৰ পথ ত্বৰান্বিত হৈ আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এন ডি এৰ মিত্ৰতা শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। উল্লেখযোগ্য যে আজিৰ এই সভাৰ জৰিয়তে চিৰাগ পাছোৱানে চাহাবাদ অঞ্চলৰ পৰা দলীয় নির্বাচনী প্ৰচাৰ আৰম্ভ কৰে।
Assamese | June 8, 2025 8:51 PM | Chirag Paswan
বিহাৰৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছে বুলি কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানৰ মন্তব্য