ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিহালীত আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গেৰাণ্টি কার্ড মুকলি কৰে। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে পাঁচদফীয়া গেৰাণ্টি কার্ড মুকলি কৰে। এই কাৰ্ডত সমষ্টিটোৰ স্বাস্থ্য, শিক্ষা আৰু পথ উন্নয়নৰ লগতে বিহালী সমষ্টিৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে।
Assamese | November 10, 2024 6:42 PM | AAP | Assam Bye-Election
বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীয়ে গেৰাণ্টি কার্ড মুকলিৰে নিৰ্বাচনী প্ৰচাৰ