বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজি অনুষ্ঠিত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই অংশগ্ৰহণ কৰে। ৰাজধানী মহানগৰীখনৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা ইণ্ডিয়া গেট আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহলৈ উলিওৱা এই চাইকেল সমদলত মন্ত্ৰীগৰাকীয়ে কেইবাশ শিক্ষক, ছাত্র-ছাত্রী আৰু স্থানীয় নাগৰিকক নেতৃত্ব দিয়ে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে আজিৰ দিনটোত ১০,৫০০তকৈও অধিক স্থানত আয়োজিত চাইকেলেৰে দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানত বৃহৎ সংখ্যক শিক্ষকে অংশগ্ৰহণ কৰিছে। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে দেশৰ লাখ লাখ লোকে প্রতি দেওবাৰে চাইকেল চলাই বুলি উল্লেখ কৰি তেওঁ কয় যে, এই কার্যই এনে লোকসকলক জীৱনত ভাৰসাম্য ৰক্ষাৰ বাৰ্তা প্ৰদান কৰিছে। শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি তেওঁ সকলো শিক্ষক- শিক্ষয়িত্রীকে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই মঞ্চই শিক্ষাৰ্থী আৰু সমাজক শিক্ষাদান কৰাৰ লগতে অনুপ্ৰাণিত কৰাৰ বাবেও তেওঁলোকক বিশেষভাৱে সুযোগ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্রকাশ কৰে।
Assamese | October 5, 2025 7:08 PM | Dr. Mansukh Mandaviya | World Teacher Day
বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ