ভাৰতৰ এক্তা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ২০.১২ মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণপদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিশ লাক্রাই ১৪.৫৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে, আলজেৰিয়াৰ নাজেট্ বাউশ্বৰফে এই শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
Assamese | May 21, 2024 7:34 PM | PARA Athletics
বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত এক্তা ভয়ানৰ সোণৰ পদক অৰ্জন