বিশ্ব জলাতংক দিৱস উপলক্ষে গোৱালপাৰা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে কালিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি বিভাগৰ কাৰ্যালয়ত কুকুৰক ছিটা প্ৰদান আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডাঃ দিলীপ শৰ্মা আৰু বিভাগটোৰ অধ্যাপক ডাঃ ৰাজীৱ শৰ্মা উপস্থিত থাকি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।
Assamese | September 29, 2024 7:05 PM | World Rabies Day
বিশ্ব জলাতংক দিৱস উপলক্ষে গোৱালপাৰা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সপ্তাহজোৰা কাৰ্যসূচী