June 27, 2026 10:23 PM | CP Radhakrishnan

printer

বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰঃ উপ-ৰাষ্ট্ৰপতি

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয়, যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত ২০২৬ বৰ্ষৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস – উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে। 

তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মূঠ ৰপ্তানীৰ ৫০ শতাংশ বৰঙণি আগবঢ়ায়। ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই খণ্ডটোৱে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্রহণ কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে কয় যে ভাৰত চৰকাৰে এই খণ্ডটোক অধিক উন্নত কৰিবলৈ বদ্ধপৰিকৰ ৷

উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বৰ্তমানৰ গোলকীয় ব্যৱসায়িক ক্ষেত্ৰখনত সামগ্ৰীসমূহ সুলভ হোৱাৰ লগতে গুণগত মান অক্ষুন্ন ৰখাটো অত্যন্ত প্রয়োজনীয়। উদ্যোগীসকলে গুণগত মানৰ সৈতে আপোচ নকৰাকৈ সদায় নিজৰ সামগ্ৰীসমূহ সুলভ কৰি তুলিবলৈ কাম কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।