প্ৰবোৱো সুবিয়াণ্টোই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৭৩ বছৰীয়া সুবিয়াণ্টো আনুষ্ঠানিকভাৱে বিশ্বৰ সৰ্বাধিক মুছলমান জনবসতিৰ দেশ ইণ্ডোনেছিয়াৰ অষ্টম ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। সুবিয়াণ্টোই ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত প্ৰায় ৬০ শতাংশ ভোট লাভ কৰিছিল। বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা সুবিয়াণ্টোৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷
Assamese | October 20, 2024 6:37 PM | Indonesia New President Oath
বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰবোৱো সুবিয়াণ্টোৰ কাৰ্যভাৰ গ্ৰহণ