শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্রকাশ কৰে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফর্ম সম্পর্কীয় বিতর্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে নির্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ ১০০ শতাংশ পলিষ্টাৰ সূতাৰ হ’ব নালাগে। ইউনিফর্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে নির্দেশনাত স্পষ্টভাবে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট ১০ শতাংশ ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ’ব। পৰিদৰ্শন কালত ডাঃ পেণ্ডবে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য মহাদেৱ পাটগীৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা ১০ কোটি টকাৰ ব্যয়ৰ বিবৰণো পৰ্যালোচনা কৰা হয়। বুলি ডাঃ পেগুৱে প্রকাশ কৰে।
ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচার্য, অধ্যাপক জ্যোতিপ্রসাদ শইকীয়া আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ২১ শতিকাৰ প্রয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱণ আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক-অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ লগত মত বিনিময় কৰে।