ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শোভা কৰণ্ডলাজে আজি বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কয়, যে বিশ্বনাথ হৈছে এখন সৰু জিলা আৰু ইয়াত বিকাশৰ বহু পথ আছে। জিলাখনত মৎস্যপালন, এৰী পলু উৎপাদন, দুগ্ধ উৎপাদন আৰু মহিলা সৱলীকৰণকে ধৰি ভিন ভিন ক্ষেত্ৰত বিকাশৰ বাবে চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীমতী কৰণ্ডলাজে উল্লেখ কৰে।
Assamese | October 29, 2025 8:19 PM | Shobha Karandlaje
বিশ্বনাথৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শোভা কৰণ্ডলাজৰ বৈঠক