বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছে। লতাশিলৰ ঘৰৰ পৰা ওচৰৰে গণেশ মন্দিৰলৈ বুলি দিনৰ প্ৰায় ১০ বজাত বর্ষিয়ান শিল্পীগৰাকী ওলাই গৈছিল। দুপৰীয়া পৰ্যন্ত উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ- খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই। ইফালে শিল্পীগৰাকীৰ ম’বাইল ফোনটো ছুইটছ অফ হৈ থকা বুলি জানিব পৰা গৈছে। উদ্বিগ্ন পৰিয়ালে এই সন্দৰ্ভত লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৰমেন বৰুৱাৰ সন্ধানৰ ক্ষেত্ৰত কোনো ত্রুটি নাৰাখিবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক এই নিৰ্দেশ প্ৰদান কৰে ।
Assamese | July 23, 2024 10:15 AM | Ramen Baruah
বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন