পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভড়ালীক আজি পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। গুৱাহাটী মহানগৰীৰ দক্ষিণ শৰণীয়াত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইয়ে সতীৰ্থ মঞ্চৰহৈ এই বঁটা প্ৰদান কৰে। বঁটা হিচাপে শিক্ষাবিদ ভড়ালীক এখন চেলেং চাদৰ, গামোচা, প্ৰশস্তিপত্ৰ আৰু নগদধন প্ৰদান কৰা হয়। অনুষ্ঠানত প্রয়াত পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ লগতে সতীৰ্থ মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Assamese | May 18, 2025 7:04 PM | Parag Das Award
বিশিষ্ট শিক্ষাবিদ উদয়াদিত্য ভড়ালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান