বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চর্যাগীতিকোষ আদিৰ দৰে অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ভাষাবিদগৰাকীৰ মৃত্যু জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী ৰঞ্জিত দাসেও বিশিষ্ট ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অসম সাহিত্যৰ সভাইও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা নিশা গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভাষাবিদগৰাকীৰ মৃত্যু হয়।
Assamese | March 31, 2024 9:24 PM | Death
বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ শোক প্রকাশ