আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে চলোৱা ডি এন এ পৰীক্ষাত এতিয়ালৈকে ১৯০ টা নমুনা চিনাক্ত কৰা হৈছে। আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ ৰাকেশ যোশীয়ে জনাইছে যে, বৰ্তমানলৈকে মৃতদেহৰ শৰীৰৰ অংশৰ ১৫৭ টা নমুনা পৰিয়ালৰ হাতত অৰ্পন কৰা হৈছে। আনহাতে, বিমানখনত যাত্ৰা কৰা একমাত্ৰ জীৱিত যাত্ৰী বিশ্বাস কুমাৰক কালি হস্পিতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। তেওঁ লগতে জনায় যে হস্পিতালখনত ভৰ্তি হৈ থকা বি-জে মেডিকেল কলেজৰ কাষৰীয়া আবাসিক এলেকাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ৭১ জন ব্যক্তিৰ ৩ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। উল্লেখযোগ্য যে এই দুৰ্ঘটনাত ৮ জন স্থানীয় ব্যক্তিৰ লগতে ৪ জন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়েও প্ৰাণ হেৰুৱাইছিল।
Assamese | June 18, 2025 7:47 PM | DNA
বিমান দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিসকলৰ ডি এন এ পৰীক্ষাত ১৯০ টা নমুনা চিনাক্ত