বিধানসভাত আজি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক ২০২৬ গৃহীত হয়। এই বিধেয়কখনে ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শক, সমন্বয় স্থাপন আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰিব।
এই বিধেয়কখনে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰিকল্পিত আৰু প্রমাণ আধাৰিত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যিক উচ্চ শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে এই বিধেয়কে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সমান্তৰালভাৱে এটা দায়বদ্ধ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত কৰিছে।