বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ সমগ্র শিক্ষা অসমৰ নতুন নিৰ্দেশনা জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইউ পি এছ, কম্পিউটাৰ, টেবলেটছ আৰু আই এফ বি এছকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্র শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ড০ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কর্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যবস্থা গ্রহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা সত্ত্বেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হৈছে। নতুন নির্দেশনাৰ অধীনত বিদ্যালয়সমূহৰ চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ নির্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।