May 15, 2025 12:16 PM | Dr Ranoj Pegu Meet

printer

বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি দিছপুৰৰ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে বাজেট ধার্য কৰা আঁচনিসমূহৰ সামগ্রিক পর্যালোচনা কৰা হয়। নৱম শ্ৰেণীৰ শিক্ষার্থীলৈ চাইকেল বিতৰণ, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, শিক্ষার্থীৰ বিনামূলীয়া নামভৰ্তি, উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পৰিৱেশ মূল্যায়নৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। লগতে ২৫ খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক আদর্শ হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উপৰি টিউটৰ মজুৰী আৰু শিক্ষকলৈ পদোন্নতি সন্দৰ্ভতো বিশদভাবে আলোচনা কৰা হয়। মন্ত্রীগৰাকীয়ে প্রধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়েও বুজ লয়। বিদ্যালয় শিক্ষাৰ সামগ্রিক উন্নয়নৰ লক্ষ্যৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম-কাজৰ দ্ৰুত ৰূপায়ণত গুৰুত্ব আৰোপ কৰা বুলি শিক্ষামন্ত্রী গৰাকীয়ে প্ৰকাশ কৰে।