বিদেশ আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ত্ৰিপুৰাৰ খোৱাই জিলাত ৰূপায়িত শিক্ষা, স্বাস্থ্য সেৱা, যোগাযোগসহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা চলায়। পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চলক প্রান্তীয় অঞ্চল হিচাপে গণ্য কৰা হৈছিল যদিও এন ডি এ চৰকাৰে ত্ৰিপুৰাসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰলৈ লৈ আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে খোৱাই জিলাৰ তুলাশিখৰ উন্নয়ন খণ্ডৰ অধীনৰ চম্পাছোত এটা উন্নত অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে। শ্ৰী মাৰ্ঘেৰিটা তিনি দিনীয়া ত্ৰিপুৰা ভ্ৰমণসূচীৰে কালি আগৰতলাত উপস্থিত হয়।
Assamese | October 17, 2024 8:03 PM | Pabitra Margherita @Tripura
বিদেশ আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ত্ৰিপুৰাৰ খোৱাই জিলাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে