বিদেশী পোর্টফলিঅ’ বিনিয়োগকাৰীসকলে যোৱামাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ কৰিছে। নেচনেল চিকিউৰিটীছ ডিপোজিট’ৰী লিমিটেড এন এছ ডি এলৰ তথ্য অনুসৰি বিদেশী পোর্টফলিঅ’ বিনিয়োগকাৰীসকলে এই সময়চোৱাত ইকুইটি বজাৰত ৩২,৩৬৪ কোটি টকা আৰু ঋণ বজাৰত ২২ ,৩৬৩ কোটি টকা বিনিয়োগ কৰিছে। ভাৰতীয় অর্থ ব্যৱস্থাৰ ভাল সম্ভৱনা, হাৰ হ্ৰাস আৰু চৰকাৰৰ বিত্তীয় অনুশাসনৰ বাবে বিনিয়োগ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।
Assamese | August 4, 2024 11:09 AM | Foreign Currency
বিদেশী পোর্টফলিঅ’ বিনিয়োগকাৰীৰ জুলাই মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ