September 28, 2026 12:42 PM | Sitharaman Qatar Visit

printer

বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰ ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰলৈ গৈছে। এই ভ্ৰমণৰ সময়ত শ্রীমতী সীতাৰমণে আজি ডোহাত আয়োজিত এছিয়ান ইনফ্রাস্ট্রাকচাৰ ইনভেষ্টমেন্ট বেংক চমুকৈ এ আই আই বি-ৰ ব’ৰ্ড অব গভর্নৰছৰ একাদশ বার্ষিক বৈঠকত অংশগ্রহণ কৰিব। শ্রীমতী সীতাৰমণে এ আই আই বি-ৰ অধ্যক্ষৰ লগতে জর্ডান, ছুইজাৰলেণ্ড, আলজেৰিয়া, ছৌদি আৰৱ আৰু নেপালৰ বিত্তমন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বিত্ত মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এই ভ্ৰমণৰ সময়ত শ্রীমতী সীতাৰমণ কাটাৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।