অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। সভাপতি গগৈয়ে বৈঠকত পর্যবেক্ষকসকলৰ সৈতে বিটিআৰৰ ৪০ খন আসন সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, যে বিটিআৰৰ ৪০ খন আসনৰ বাবে ৭০-৮০ জনীয়া এখন পর্যবেক্ষকৰ তালিকা প্রস্তুত কৰা হৈছে। এই পর্যবেক্ষকসকলক তেওঁলোকৰ দায়িত্ব সন্দৰ্ভত আজি অৱগত কৰা হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | July 9, 2025 7:42 PM | Gaurav Gogoi
বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ আলোচনা