May 9, 2025 11:51 AM | bpf naba sarania

printer

বিটিআৰ নিৰ্বাচনত বি পি এফ আৰু গণ সুৰক্ষা পৰিষদৰ আসন বুজাবুজিৰে ঐক্যবদ্ধ প্ৰতিদ্বন্দ্বিতা

আসন্ন বিটিআৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফ আৰু প্ৰাক্তন সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পৰিষদে আসন বুজাবুজিৰে ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। কালি নলবাৰীত দল দুটাৰ নেতৃত্বৰ মাজত হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰা হয়। বৈঠকখনত হাগ্ৰামা মহিলাৰীকে পুনৰ পৰৱৰ্তী নিৰ্বাচনত মুখ্য কাৰ্যবাহী সদস্যৰূপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্তও গ্রহণ কৰা হয়। প্রাক্তন সাংসদ নৱ শৰণীয়াই কয়, যে বি টি আৰত সীমাহীন দুর্নীতি ভ্ৰষ্টাচাৰ কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ বিকল্পৰ সন্ধানত থকা ৰাইজে তেওঁলোকক আদৰি ল’ব বুলি আশাবাদী। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কমেও ৩০ টা পৰিষদীয় সমষ্টিত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।