দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডº মনমোহন সিঙে বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ কৰিছে। পাঞ্জাবৰ ভোটাৰ সকললৈ লিখা এখন পত্ৰত তেওঁ জনসাধাৰণক ভোটদান কৰিবলৈ আহ্বান জনাই কয় যে, বিজেপি চৰকাৰৰ শাসন কালত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৬ শতাংশৰ তললৈ অবনমিত হয়। তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ শাসন কালত দেশৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ৮ শতাংশ আছিল। ডº সিঙে বিজেপৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপত্তিজনক কেতবোৰ মন্তব্য কৰা বুলি অভিযোগ কৰে।
Assamese | May 30, 2024 8:23 PM | Dr. Monmohan Singh
বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ ডº মনমোহন সিঙৰ