বিজেপিৰ সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। নীতিন নবীনে সম্প্রতি বিহাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জ্যেষ্ঠ নেতাগৰাকীক শুভেচ্ছা জনাই কয় যে নীতিন নবীন হৈছে দলৰ এগৰকী কঠোৰ পৰিশ্রমী কর্মী আৰু বিহাৰৰ বিধায়ক তথা মন্ত্রী হিচাপে তেওঁৰ যথেষ্ট সাংগঠনিক অভিজ্ঞতা আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জনে ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰা নীতিন নবীনক আদৰণি জনায়।
Assamese | December 14, 2025 9:33 PM | Nitin Nabin BJP working President
বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি