বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্রার্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত প্ৰচাৰ চলায়। প্ৰচাৰৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড০ শৰ্মাই কয় যে, বিজেপিৰ শক্তিশালী নেতৃত্বৰ অধীনত অহা কেইবছৰমানৰ ভিতৰত পাক অধিকৃত কাশ্মীৰক পুনৰ ভাৰতৰ সৈতে চামিল কৰা হ’ব। সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা চার্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পাক অধিকৃত কাশ্মীৰত ভাৰতৰ প্ৰতি সমর্থন বৃদ্ধি পাইছে। ইফালে, আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজশ্বী প্রসাদ যাদৱে দভাংগাত দলৰ প্ৰাৰ্থী ললিত কুমাৰ যাদৱৰ হৈ প্ৰচাৰ চলাই বিজেপিয়ে বাজনৈতিক লাভালাভৰ বাবে সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ আৰু দেশৰ সংবিধান দুর্বল কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিৰোধী মিত্ৰজোঁট ক্ষমতালৈ আহিলে প্ৰতি বছৰে ১ কোটি চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Assamese | May 12, 2024 11:46 AM | Lok Sabha Elections 2024
বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্রার্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ