আম আদমী পাৰ্টীয়ে আজি বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে বৰ্তমানৰ চৰকাৰৰ শাসন কালত দেশত ভোকাতুৰ লোকৰ মাত্ৰা ভয়ংকভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। তেওঁ লগতে গ্ৰামীণ আৰু নগৰীয়া দুয়োটা এলেকাতে খৰচৰ তুলনাত জনসাধাৰণৰ উপাৰ্জন সমানুপাতিকভাৱে বৃদ্ধি পোৱা নাই বুলিও কয়। ব্যাপক মাত্ৰাত দেখা দিয়া নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ পৰিণতিতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। আপৰ নেতাগৰাকীয়ে লগতে শাক-পাচলি, দাইল মাহ আদিৰ দৰে দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ মূল্য অত্যাধিক বৃদ্ধি পোৱা বুলিও অভিযোগ কৰে।
Assamese | May 10, 2024 5:53 PM | AAP Appeal
বিজেপি মূল্যবৃদ্ধি ৰোধত বিফল হোৱা বুলি আম আদমী পাৰ্টীৰ অভিযোগ