বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে। তেওঁ লগতে বিজেপিয়ে কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ নথকা বিষয় উত্থাপন কৰা বুলি অভিযোগ তোলে। বর্ধিত মুদ্রাস্ফিতী আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিক জগৰীয়া কৰি শ্ৰী ৰমেশে কয় যে, কংগ্ৰেছে জনসাধাৰণৰ বিষয়লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে।
Assamese | April 25, 2024 6:44 PM | Jairam Ramesh
বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অভিযোগ