প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ তপোৱন ময়দানত কালি এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে, বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। তেওঁ কয় যে, বিজেপি চৰকাৰে সদায় মহিলা আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি সন্দৰ্ভত শ্রীমোদীয়ে আত্মনিৰ্ভৰ ভাৰত আৰু ষ্টার্টআপ ইণ্ডিয়া উদ্যমৰ ওপৰত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে মুদ্রা যোজনাৰ অধীনত প্ৰদান কৰা ধনৰ ৰাশি দুগুণলৈ বৃদ্ধি কৰি ২০ লাখ টকা কৰা হ’ব। কংগ্ৰেছ আৰু আই এন ডি আই মিত্রজোঁটক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁলোকে ৰাষ্ট্ৰ বিৰোধিতা আৰু ঘৃণাৰ ৰাজনীতিৰে প্রতিপক্ষৰ বাবে জয় সহজ কৰি তুলিছে। তেওঁ লগতে কয় যে, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত এই চৰকাৰ পুনৰ ক্ষমতালৈ অহাটো নিশ্চিত হৈ পৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেও সভাত উপস্থিত থাকে ।
Assamese | April 28, 2024 12:27 PM | PM Modi Campaign
বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছেঃ মোদী