August 4, 2026 9:21 AM | Dr. S Jaishankar

printer

বিগত বছৰসমূহত ভাৰত-উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি হৈছেঃ ড০ এছ জয়শংকৰ

বিগত বছৰসমূহত ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বৃদ্ধি হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি উজবেকিস্তনৰ বিদেশ মন্ত্ৰী বতিয়াৰ ছাইড’ভৰ সৈতে এখন বৈঠকত মিলিত হৈ ড০ জয়শংকৰে কয়, যে নিৰ্মাণ, শক্তি, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত দেশ দুখনৰ মাজৰ সম্পৰ্ক সুদৃঢ় হৈছে। 

দুয়োখন দেশৰ মাজত প্ৰায় ১০০ কোটি ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য সম্পৰ্ক আছে বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয়, যে দেশ দুখনৰ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়ত বিশেষকৈ সন্ত্ৰাসবাদ, উগ্রবাদ আৰু মাদক দ্রব্য সৰবৰাহৰ বিষয়ত দৃষ্টিভংগীৰ সাদৃশ্য আছে।