সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰে বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত ভাৰতৰ কৃত্রিম অংগ নিৰ্মাণ নিগমৰ ৫৩ সংখ্যক প্রতিষ্ঠা দিৱসত ভাষণ প্রদান কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰৰ প্ৰতিষ্ঠা দিৱসত এই নিগমক নতুন চিন্তাৰে নতুন পৰিচয় প্ৰদান কৰা হৈছে বুলিও প্রকাশ কৰে। দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ স্বাধীনতা আৰু দৈনন্দিন কাম-কাজ সুচাৰুৰূপে চলাই নিবৰ বাবে নতুনকৈ বিকোশাই তোলা তিনিচকীয়া স্কুটাৰ আৰু হুইলচেয়াৰ মুকলি কৰে। আজিৰ অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী বি. এল. বার্মাই বিকশিত ভাৰতৰ দৃষ্টিভংগী সাধনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
Assamese | November 30, 2025 8:20 PM | Social Justices and Empowerment Ministry
বিগত এঘাৰ বছৰত ৩২ লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা হৈছে বুলি সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বীৰেন্দ্ৰ কুমাৰৰ উল্লেখ