প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কালি খাদী ইণ্ডিয়াক বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে অভিনন্দন জনাইছে। গান্ধী জয়ন্তী উপলক্ষে নতুন দিল্লীৰ খাদী ভৱনত মাত্ৰ এদিনতে দুই কোটি ১ লাখ ৩৭ হাজাৰ টকাৰ সামগ্ৰী বিক্ৰী হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে এই কৃতিত্বক উৎসাহজনক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰি কয় যে, এই কৃতিত্বই খাদীৰ সৈতে জড়িত শিপিনীসকলকো সহায় কৰিব। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদী আৰু স্থানীয় সামগ্ৰী ক্ৰয়ৰ বাবে কৰা আবেদন বৈপ্লবিক বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে, শ্ৰী মোদীৰ নেতৃত্বত আজিৰ দিনত খাদী উদ্যোগে এটা নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
Assamese | October 6, 2024 11:24 AM | PM Khadi India
বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে খাদী ইণ্ডিয়াক প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অভিনন্দন