বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে আমাৰ দেশ লাভৱান হ’বঃ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

এখন দেশ এটা নিৰ্বাচনৰ উচ্চ পৰ্যায়ৰ সমিতিৰ নেতৃত্ব দিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে, দেশে বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে লাভৱান হ’ব। নতুন দিল্লীত ৩০ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰীকোবিন্দে লগতে কয় যে উন্নত শাসন ব্যৱস্থা, নীতিৰ স্থিতিশীলতা, সামাজিক একতা, অৰ্থনৈতিক বৃদ্ধি আৰু বর্ধিত প্রতিযোগিতামূলক ক্ষমতাৰ ক্ষেত্ৰত এখন দেশ এটা নির্বাচন নীতিয়ে সহায় কৰিব। তেওঁ লগতে কয় যে, ই অধিক সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ ক্ষেত্ৰতো মুখ্য ভূমিকা পালন কৰিব।