বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্রী বিতৰণৰ সিদ্ধান্ত অসম বিজ্ঞান সমিতিৰ

সাম্প্ৰতিক বানে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বান পীড়িত ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে অসম বিজ্ঞান সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সমিতিয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্রী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। 

এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে সমিতিয়ে সদস্যসকলৰ মাজৰ পৰা আৰ্থিক বৰঙণি সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰি অসম বিজ্ঞান সমিতিৰ সংশ্লিষ্ট জিলাসমূহত থকা শাখা বিলাকেও নিজ নিজ পর্যায়ত বান সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। 

উল্লেখযোগ্য যে গৌৰীসাগৰ, দিখৌমুখ শাখাই বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ সহায়ৰ বাবে চাৰে চাৰি বিঘা মাটিত ধানৰ কঠিয়া উৎপাদন কৰি পুনৰ ৰোপনৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰাৰ এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে।