গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বানত শিক্ষা সংক্রান্তীয় নথি-পত্র নষ্ট হোৱা শিক্ষার্থীসকলক পুনৰ নথি-পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্রধান অথবা সংশ্লিষ্ট চক্র বিষয়াৰ প্ৰমাণপত্ৰ দাখিলৰ ভিত্তিত বানত ক্ষতিগ্রস্ত শিক্ষার্থীক নম্বৰপত্ৰ, প্ৰমাণপত্ৰ আৰু অন্যান্য প্রয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ’ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষার্থীৰে শৈক্ষিক যাত্রা যাতে ব্যাহত নহয়, সেই উদ্দেশ্যে এই ব্যবস্থা গ্ৰহণ কৰা হৈছে।
Assamese | August 7, 2026 6:56 PM | Book Distribution
বানত নষ্ট হোৱা শিক্ষার্থীৰ বাবে পুনৰ নথি-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ গুৱাহাটী বিশ্ববিদ্যালয়