বানত ক্ষতিগ্রস্ত শিৱসাগৰ আৰু চৰাইদেউৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি পুনৰ যোগান ধৰিব বুলি শিক্ষামন্ত্রী ড০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষা বিভাগে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক এই পাঠ্যপুথি ঘৰে ঘৰে গৈ দি আহিব। পাঠ্যপুথি আৰু বহী অনলাইন যোগেও ছাত্র ছাত্রীসকলক যোগান ধৰা হ’ব।
৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ৰাজধানী চহৰখনৰ পৰা দৰিকা আৰু দিখৌ নৈৰ বাঢ়নি পানী সুঁতিসমূহেৰে ওলাই গৈছে যদিও চহৰৰ ১০ টা ৱাৰ্ডৰ বাট-পথৰ পানী এতিয়াও শুকুৱা নাই।
চহৰখনৰ অধিকাংশ অঞ্চললৈ বিজুলী সৰবৰাহ পুনৰ আৰম্ভ কৰা হৈছে। দাঁতিকাষৰীয়া অঞ্চলসমূহত বান সাহায্য কার্যসূচী অব্যাহত আছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত এই সাহায্য কার্যসূচী সুকলমে চলি আছে।