বানত ক্ষতিগ্রস্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ লগতে ৰাজ্য তথা দেশৰ বহু ব্যক্তি, দল আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে নিজাববীয়াকৈ সাহায্য আগবঢ়াইছে। ভালেসংখ্যক ইউটিউবাৰ, ব্লগাৰ, কনটেইন্ট ক্রিয়েটৰ, সমাজকর্মী, উদ্যোগপতি আদিয়ে আগবঢ়োৱা সাহায্যৰ বিষয়ে সামাজিক মঞ্চ আৰু টেলিভিচনযোগে বহুল প্ৰচাৰ হোৱাৰ সময়তে ৰাজ্যখনৰ এখন সৰু ঠাইৰ দুগৰাকী কণমানিয়ে বান ক্ষতিগ্রস্তসকললৈ আগবঢ়োৱা সাহায্যৰ কাহিনীয়ে সকলোৰে মন চুই গৈছে। কামৰূপ জিলাৰ বামুন্দীৰ বাসিন্দা তথা স্বাস্থ্য বিভাগৰ এম পি ডব্লিউৰ কৰ্মচাৰী যতীন্দ্র কলিতাই কর্মসূত্রে বানে ধুই নিয়া চৰাইদেউত সেৱা আগবঢ়াই আছে। তেওঁ কৰ্মস্থলীৰ পৰা টেলিফোনযোগে নিজৰ কণমানি সন্তানহালৰ সৈতে কথা পাতোতে চৰাইদেউৰ বানৰ সংহাৰ ৰূপৰ বিৱৰণ দিছিল। দেউতাকৰ পৰা বানৰ দুখ লগা বর্ণনা শুনি কণমানি ভাতৃ-ভগ্নীহালে বান ক্ষতিগ্রস্ত লোকসকললৈ সাহায্য আগবঢ়োৱাৰ বাবে মন স্থিৰ কৰে। ক্রীসৱ কাশ্যপ আৰু মান্যতা কাশ্যপ নামৰ এই ভাতৃ-ভগ্নীহালে নিজেই সাজি লোৱা কাগজৰ বাকচ এটাৰ ওপৰত মানুহে মানুহৰ বাবে বুলি ড° ভূপেন হাজৰিকাৰ গানৰ প্ৰথম কলিৰ ডাঙৰ ডাঙৰ আখৰেৰে ফলক লগাই অঞ্চলটোৰ ঘৰে ঘৰে গৈ সাহায্য বিচাৰি ফুৰাৰ দৃশ্যই প্রতিজন মানুহকে চুই গৈছে। কণমানি দুয়োটাই এই সংগৃহীত ধন চৰাইদেউৰ বানপীড়িত জনসাধাৰণলৈ আগবঢ়াইছে।
Assamese | August 1, 2026 1:00 PM | flood relief
বানত ক্ষতিগ্রস্ত লোকক চৰকাৰ, ৰাজ্য তথা দেশৰ বহু ব্যক্তি, দল আৰু স্বেচ্ছাসেৱী সংগঠনৰ সাহায্য