বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মুঠ ৫০০ কোটি টকা ব্যয়ৰে শিক্ষাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সংসদত আজি ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি শ্ৰীমতী সীতাৰমণে কয়, যে চৰকাৰে ২০২৩ চনত কৃষি, স্বাস্থ্য আৰু বহনক্ষম মহানগৰৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ তিনিটা উৎকর্ষ সাধন কেন্দ্ৰৰ কথা ঘোষণা কৰিছে। ভৱিষ্যৎ প্ৰজন্মৰ ষ্টাৰ্ট আপ প্ৰতিষ্ঠানৰ বাবে থকা পুঁজিৰ পৰা কাৰিকৰী নিধিৰ সম্ভাৱনা অন্বেষণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | February 1, 2025 7:38 PM | FM Budget AI
বাজেটত কৃত্রিম বুদ্ধিমত্তাৰ উৎকর্ষ সাধন কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা