বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা অনুষ্ঠিত হৈছে। নেশ্যনেল চিটিজেন পাৰ্টীৰ অভ্যন্তৰীণ বিবাদৰ ফলত দলটো দুভাগ হোৱাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা অনুষ্ঠিত হৈছে। এন চি পিৰ জ্যেষ্ঠ নেতাই জানিবলৈ দিছে যে কমেও ৫০খন আসনৰ বাবে জামাতৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে। অনাগত দিনত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে এন চি পিৰ একাংশ নেতাই জামাতৰ সৈতে মিত্ৰজোঁট গঠনৰ পোষকতা কৰিছে যদিও আন নেতাসকলে ইয়াৰ বিৰোধিতা কৰিছে।
Assamese | December 26, 2025 8:53 PM | Bangladesh | Bangladesh News | Political Party
বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা